অসমীয়া সাহিত্যৰ এটি বৰণীয় নাম ছৈয়দ আব্দুল মালিক। সাৰ্থক জীৱন শিল্পী তেওঁ। প্ৰকৃতি আৰু জীৱনে যেন তেওঁৰ ওচৰত নিজেই উদং হৈ ধৰা দিয়েহি! "জীয়া-জুৰিৰ ঘাট" মালিকদেৱৰ অন্যতম জনপ্ৰিয় উপন্যাস। মালিকদেৱৰ গল্প, উপন্যাসবোৰত সততেই দেখা যায় গাঁৱলীয়া আপোনভোলা মানুহ। জীয়া-জুৰিৰ ঘাটতো জেহিৰ আৰু কণমাই- তেনে দুটি চৰিত্ৰ । কণমাইৰ সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱটোৰ বাবেই তাই সকলোৰে প্ৰিয়। কণমাইৰ উপস্থিতিত দেওৰ...